
ইটানগৰ, ১৫ আগষ্ট(হি.স.)। দুটা পৃথক ঘটনাত অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলাৰ এটা পথ নিৰ্মাণ স্থানত হোৱা ভূমিস্খলনত চাৰিজন লোক নিহত হোৱাৰ বিপৰীতে দিবাং উপত্যকাৰ সেনা শিবিৰৰ দুটা আশ্ৰয় শিবিৰত অহা বানে উটুৱাই নিয়াৰ ফলত ৫জন সেনা জোৱান নিৰুদ্দেশ হয় বুলি ১৫ আগষ্ট শনিবাৰে সেনা বাহিনীৰ এক সুত্ৰই প্ৰকাশ কৰে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি দুয়োটা ঘটনা শুকুৰবাৰে সন্ধিয়া প্ৰবল বৰষুণৰ ফলত সংঘটিত হয়।ভুমি স্খলনৰ ঘটনাটো আপাৰ সোৱনশিৰিৰ কেওজাৰিং-ব্যাচিং পথৰ নিৰ্মান স্থানত সংঘটিত হয় আৰু কেইবাজনো লোক বোকামাটিৰ তলত পোত যায়।
নিহত চাৰিজন হ’ল তাডু বাকী, তাজী ৰায়, মাৰ্কোষ বসুমতাৰী আৰু বাবুল আলী।বাবুল আলীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে নাচো থানাৰ জোৱান নিয়োগ কৰা হৈছে। ডাপৰিজোৰ পৰা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মী সকলক সংগঠিত কৰা হৈছে, আনহাতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে এই অভিযানত সহায় কৰিব।উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে।
প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানীয়ে দিবাং উপত্যকাত শুকুৰবাৰে সন্ধিয়া পাছু পানী সেনা শিবিৰত থকা ৫ম গ্ৰেনেডিয়াৰৰ দুটা আশ্ৰয় শিবিৰ উটুৱাই লৈ যায় । এই ক্ষন্তেকীয়া বানপানীত সেনাবাহিনীৰ ৭ জন জোৱান উটুৱাই নিয়াৰ ফলত দুজনক উদ্ধাৰ কৰা হয়। সন্ধানহীন হৈ আছে পাঁচজন।
নিৰুদ্দেশ হোৱা জোৱান কেইজন হ’ল হাৱলদাৰ উপেন্দৰ আৰু সেনা জোৱান কুন্দন, বিনোদ, আদিত্য আৰু সমুণ্ডা।৫ম গ্ৰেনেডিয়াৰৰ দুটা অনুসন্ধান আৰু উদ্ধাৰকাৰী দল এই স্থানত নিয়োগ কৰা হৈছে।
ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ৫৮ নং বেটেলিয়ন, জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ ৬২ নং ৰোড কনষ্ট্ৰাকচন কোম্পানী, অৰুণাচল প্ৰদেশ আৰক্ষী আৰু স্থানীয় স্বেচ্ছাসেৱক সকলে এই অনুসন্ধান অভিযানত যোগদান কৰিছে।
পাছিঘাটৰ পৰা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলো উদ্ধাৰ অভিযানত সহায় কৰিবলৈ অনিনীলৈ আগবাঢ়িছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ