
লখিমপুৰ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বঙালমৰা আৰক্ষীৰ জালত ৫ জন জুৱাৰী।মাজনিশা বঙালমৰা আৰক্ষীয়ে ২ নং আহমেদপুৰত চলালে বৃহৎ জুৱাৰ ঘাটিৰ বিৰুদ্ধে মাৰথান অভিযান।দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল অবৈধ জোৱাৰ ৰমৰমীয়া বেহা।
জুৱা খেলৰ মূল মাষ্টাৰ মাইণ্ড আটিকুল ইছলাম সহ ৪ জনক গ্ৰেপ্তাৰ ।মূল মাষ্টাৰ মাইণ্ড আটিকুল ইছলামৰ নিজ গৃহতে দীৰ্ঘ সময় ধৰি চলাই আছিল জুৱা খেল।বঙালমৰা আৰক্ষীয়ে শনিবাৰে নিশা প্ৰায় ১২.৪০ বজাত এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছত্ৰ চিং পাতৰৰ লগতে সহ উপ পৰিদৰ্শক বাবুল সোণোৱাল ৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ২ নং আহমেদপুৰস্থিত আটিকুল ইছলামৰ বাসগৃহত অভিযান চলায়।আৰক্ষীৰ দলটোৱে অভিযান চলাই উক্ত স্থানত অবৈধভাৱে জুৱা খেলি আৰু ধনৰ বাজি ধৰি থকা অৱস্থাত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে আটকাধীন লোককেইজন হৈছে—মঃ ৰাহুল আমিন (৩৭),মঃ নুৰ আলম হক (২৬), মঃ আস্কাৰ আলী (৩৭), মঃ আটিকুল ইছলাম (৪৫), মঃ ছাবেদ আলী (৪৫),
আটাইকেইজনৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত।অভিযানত আৰক্ষীয়ে ১০৯ খন তাচপাত, নগদ ১৭,১২০ টকা, ২খন মটৰচাইকেল আৰু ৪টা মোবাইল হেণ্ডছেট জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ