ছিপাঝাৰত স্বাধীনতা সংগ্ৰামী,মঙলদৈ বুৰঞ্জীৰ প্ৰণেতা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন
দৰঙ, ১৫ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে ছিপাঝাৰত স্বাধীনতা সংগ্ৰামী,মঙলদৈ বুৰঞ্জীৰ প্ৰণেতা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন। দৰঙৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে উন্মোচন কৰে আৱক্ষ মূৰ্তিটো। শিক্ষকতা ত্যাগ কৰি ভাৰতৰ স
ছিপাঝাৰত স্বাধীনতা সংগ্ৰামী,মঙলদৈ বুৰঞ্জীৰ প্ৰণেতা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন


দৰঙ, ১৫ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে

ছিপাঝাৰত স্বাধীনতা সংগ্ৰামী,মঙলদৈ বুৰঞ্জীৰ প্ৰণেতা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন। দৰঙৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে উন্মোচন কৰে আৱক্ষ মূৰ্তিটো। শিক্ষকতা ত্যাগ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ লৈ কেইবাবাৰো কাৰাবাস খাটিছিল পণ্ডিত দীনেশ্বৰ শৰ্মাই।

১৮৯৪ চনৰ ৯ জুলাইত ছিপাঝাৰৰ ব্যাসপাৰাত জন্ম লাভ কৰা স্বাধীনতা সংগ্ৰামী গৰাকীয়ে অসমৰ প্ৰথম আঞ্চলিক ভাষাৰ বুৰঞ্জীত মঙলদৈ বুৰঞ্জী প্ৰণয়ন কৰিছিল। ছিপাঝাৰ পৌৰসভা আৰু বিধায়ক পৰমানন্দ ৰাজবংশীৰ উদ্যোগত ছিপাঝাৰ বাছষ্টেণ্ডত স্থাপন কৰা হয় মূৰ্তিটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande