
গুৱাহাটী, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে অসমতো আজি স্বাধীনতা দিৱস উদয়াপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত ৮০সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিজৰ ভাষণত বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে হাজাৰ প্ৰত্যাহ্বান নেওচি অসমে সৃষ্টি কৰিছে উন্নয়নৰ অসম মডেল। অসম মডেলৰ ডাঙৰ সফলতা হ'ল মেধাৰ ভিত্তিত স্বচ্ছ আৰু নিকা নিযুক্তি। আজি আমাৰ ৰাজ্য প্ৰতিটো দিশত আগুৱাইছে। আমাৰ পৰৱৰ্তী লক্ষ্য বুদ্ধিদীপ্ত প্ৰশাসন। নাগৰিককেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণ কৰাই হ'ব মূল লক্ষ্য। অহা ৫ বছৰত আৰু বিকাশ কৰিব অসম মডেলে।
মুখ্যমন্ত্ৰীয়ে কয়, ভাৰতৰ অগ্ৰণী ৰাজ্যসমূহৰ লগত আমাৰ ৰাজ্যখন থিয় কৰোৱাৰ সংকল্প লৈছে। বিকশিত অসম ২০৪৭ৰ শ্ল’গানেৰে আগুৱাই যোৱাৰ লক্ষ্য লৈছে। অহা ৪ বছৰত অসমৰ ৰাস্তা, বিদ্যালয়, চহৰীকৰণ, গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নিজাকৈ ৫০ হাজাৰ কোটি টকা খৰছ কৰাৰ সংকল্প লৈছে। অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গণি গণি ব্যয় কৰিব ডেৰ লাখ কোটি টকা।
তেওঁ কয় যে যোৱা ৫ বছৰত ৰাজ্যৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি হৈছে। অসমৰ চাহ আৰু প্ৰাকৃতিক সম্পদৰ লগতে অহা নৱেম্বৰৰ পৰা চিপছ নিৰ্মাণত আমাৰ ৰাজ্যখনে লাভ কৰিব এক অনন্য মাত্ৰা। নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ছেমিকণ্ডাক্টৰত চিপছ উৎপাদন। আগতে অসমে বেলেগক কপি কৰিছিল, এতিয়া লাহে লাহে অসমে নিজা উন্নয়নৰ অসম মডেল সৃষ্টি কৰিছে।
নিজৰ ভাষণত বাল্য বিবাহৰ প্ৰসংগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে বাল্য বিবাহ আৰু বহু বিবাহক লৈ ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পুনৰ সেই প্ৰসংগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসম আৰক্ষীয়ে ১ নৱেম্বৰৰ পৰা পুনৰ একমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে চলাব অভিযান। আপোচবিহীনভাৱে অভিযান চলাব অসম আৰক্ষীয়ে।’’
লগতে বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ সৈতে সংসাৰ কৰা লোকসকললৈও সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ কৰা বা সম্পৰ্ক কৰাৰ অভিযোগ আহিলেই সেই চৰকাৰী চাকৰিয়ালৰ দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰি প্ৰথমা পত্নীৰ বেংকত দিয়া হ’ব।
এই আইন বিধানসভাত আনিবলৈ চেষ্টা কৰিব বুলিও উল্লেখ কৰে।
হিমন্ত বিশ্ব শৰ্মাই কয়, চুকাফাৰ নীতি আজিও অসমৰ পৰিচয়। ২০২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ ৮০০ বছৰ পূৰ্ণ হ'ব। এই ঐতিহাসিক ক্ষণ ৰাজ্য চৰকাৰে অভূতপূৰ্ব আয়োজনেৰে উদযাপন কৰিব। বিশ্ববাসীৰ আগত চুকাফাক তুলি ধৰাৰ চেষ্টা কৰিব চৰকাৰে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত আৰু ৮খন নতুন সমজিলা হ'ব। সমজিলা কেইখন হ'ব কমলপুৰ, ৰঙানদী, চাবুৱা লাহোৱাল, খুমটাই, বৰখলা, চিচিবৰ গাঁও। এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
স্বাস্থ্যক্ষেত্ৰক আগুৱাই নিয়াৰ ক্ষেত্ৰতো নিজৰ ভাষণত উল্লেখযোগ্য অৱদানৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। ১৮ বছৰ তলৰ শিশুৰ চিকিৎসা বিনামূলীয়া কৰা হ’ব বুলি ভাষণত উল্লেখ কৰে। ৫০টাতকৈ অধিক জটিল ৰোগ চিনাক্ত কৰাৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া