
গুৱাহাটী, ১৫ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মহান দাৰ্শনিক তথা আধ্যাত্মিক চিন্তাবিদ শ্ৰী ঔৰবিন্দোৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰী অৰোবিন্দোক আধ্যাত্মিকতা, ভাৰতীয় দৰ্শন, দেশপ্ৰেমৰ এক অনন্য প্ৰতীক বুলি অভিহিত কৰে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ গভীৰ জ্ঞান, আধ্যাত্মিক অনুশীলন, আৰু দূৰদৰ্শী চিন্তাৰ জৰিয়তে শ্ৰী ঔৰবিন্দোৱে বিশ্ব মঞ্চত ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিলৈ নতুন প্ৰতিপত্তি কঢ়িয়াই আনিছিল।
ড° শৰ্মাই কয় যে শ্ৰী ঔৰবিন্দোৰ ত্যাগ, তপস্যা, আদৰ্শ সদায় জাতীয় চেতনাৰ প্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁৰ কালজয়ী দৰ্শন আৰু আদৰ্শই ন্যায়, সংস্কাৰ, আত্মসন্মান আৰু ৰাষ্ট্ৰীয় সেৱাৰ পথত মানুহক অনুপ্ৰাণিত কৰি থাকিব।
------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ