বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত শোকাৱহ নাওঁ দুৰ্ঘটনাত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ১৫ আগষ্ট (হি.স.)। বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত শোকাৱহ নাওঁ দুৰ্ঘটনাত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ । সাপটগ্ৰাম বালাপাৰা সংযোগী নদী পথৰ টিপকাই নৈত শুকুৰবাৰে সংঘটিত হৈছিল নাওঁ দুৰ্ঘটনা । নৈ খনত যন্ত্ৰ চালিত যাত্ৰীবাহী নাও এখন দুৰ্ঘটনাগ্ৰ
বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত শোকাৱহ নাওঁ দুৰ্ঘটনাত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ১৫ আগষ্ট (হি.স.)। বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত শোকাৱহ নাওঁ দুৰ্ঘটনাত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ । সাপটগ্ৰাম বালাপাৰা সংযোগী নদী পথৰ টিপকাই নৈত শুকুৰবাৰে সংঘটিত হৈছিল নাওঁ দুৰ্ঘটনা । নৈ খনত যন্ত্ৰ চালিত যাত্ৰীবাহী নাও এখন দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল ৫ ছাত্ৰ ছাত্ৰী । ৪ গৰাকী ছাত্ৰ ছাত্ৰীক স্থানীয় ৰাইজে অভিযান চলাই জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

মুছকুৰা ৰহমান নামৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী সন্ধানহীন হৈ পৰিছিল নৈ খনৰ সোঁতত । স্থানীয় আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে শুকুৰবাৰৰ পৰা উদ্ধাৰ অভিযান চলাই ব্যাৰ্থ হৈছিল । আজি স্থানীয় ৰাইজে অভিযান চলাই সাপটগ্ৰাম ভেলাকোবা ঘাটত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে ৰাইজে শুকুৰবাৰে জীৱন্তে উদ্ধাৰ কৰা ৪ ছাত্ৰ ছাত্ৰী কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । আজি ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰা নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী বালাপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে । সাপটগ্ৰাম এমাল গেমেটেড হাইস্কুলৰ ছাত্ৰী মুছকুৰা ৰহমান বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । পথ আৰু দলঙ নথকাৰ বাবে নিতৌ যন্ত্ৰচালিত আৰু টুলুঙা নাৱৰে ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰী এইদৰে পাৰাপাৰ হয় নৈ খন । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande