বেলুচিস্তানত বিস্ফোৰণত ৰাষ্ট্ৰীয় ঘাইপথ, থানা ধ্বংস, দুগৰাকী মহিলাৰ মৃত্যু
ইছলামাবাদ, ১৫ আগষ্ট (হি.স.)। পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বৃহস্পতিবাৰে বেলুচিস্তানৰ কেইবাখনো জিলাত অশান্তিৰ সৃষ্টি হয়। কুৱেটাত ১৪ আগষ্টৰ উদযাপন ব্যাহত হৈ পৰে। বোলান জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙত বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰক দ্ৰব্যই ধ্বং
বেলুচিস্তানত একাধিক আক্ৰমণৰ পিছত ৰাজপথত বিয়পি পৰা ধ্বংসাৱশেষ। ফটোৰ উৎস: বেলুচিস্তান পোষ্ট


ইছলামাবাদ, ১৫ আগষ্ট (হি.স.)। পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বৃহস্পতিবাৰে বেলুচিস্তানৰ কেইবাখনো জিলাত অশান্তিৰ সৃষ্টি হয়। কুৱেটাত ১৪ আগষ্টৰ উদযাপন ব্যাহত হৈ পৰে। বোলান জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙত বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰক দ্ৰব্যই ধ্বংস কৰিলে হৰনাইৰ এখন থানা। ইফালে ঘৰত প্ৰৱেশ কৰি দুগৰাকী মহিলাক হত্যা কৰা হয়।

দ্য বেলুচিস্তান পোষ্টৰ মতে, কুৱেটাৰ কৃষি কলনীত ১৪ আগষ্টৰ উদযাপনৰ সময়ত অচিনাক্ত ব্যক্তিয়ে ৰকেট আৰু গ্ৰেনেড নিক্ষেপ কৰিছিল। অঞ্চলটোত প্ৰায় ৮টা বিস্ফোৰণৰ শব্দ শুনা যায়। আক্ৰমণৰ সময়ত বহু সংখ্যক কাউণ্টাৰ টেৰৰিজম ডিপাৰ্টমেণ্ট (চিটিডি) আৰু ফ্ৰন্টিয়াৰ কৰ্পছৰ (এফচি) বিষয়া উপস্থিত আছিল। তদুপৰি বোলান জিলাৰ ৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ সমীপত সংঘটিত তীব্ৰ বিস্ফোৰণৰ ফলত যাতায়ত সাময়িকভাৱে বন্ধ হৈ পৰে। এই ঘটনাৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই।

খবৰ অনুসৰি নুস্কি জিলাৰ কিল মেংগল অঞ্চলত বন্দুকধাৰীয়ে এগৰাকী মাতৃ-কন্যাক হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, যোৱা নিশা ঘৰত প্ৰৱেশ কৰি মহিলা দুগৰাকীক গুলীয়াই হত্যা কৰে। আলী আহমেদ মহম্মদ হোছনীৰ পত্নী বিবি হানিফা আৰু আলী আহমেদৰ কন্যা হাফছা। হত্যাকাৰীক বিচাৰি উলিয়াবলৈ তালাচী অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande