
ধুবুৰী, ১৫ আগষ্ট (হি.স.): ধুবুৰী জিলা কাৰাগাৰ চৌহদত সংঘটিত হৈছে নাভূত-নাশ্ৰুত ঘটনা । জিলা কাৰাগাৰত কৰ্তব্যৰত ২০ আই আৰ অসম বেটেলিয়নৰ এজন জোৱানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জেল হাজোতত থকা নিজ ভাতৃৰ জামিনৰ কাম সম্পূৰ্ণ কৰিবলৈ জিলা কাৰাগাৰলৈ যোৱা মহীৰ উদ্দিন সেখক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে অসম বেটেলিয়নৰ জোৱান মকিবুল ৰহমানৰ বিৰুদ্ধে।
ভুক্তভোগী মহীৰ উদ্দিন সেখৰ অভিযোগ অনুসৰি, জিলা কাৰাগাৰ চৌহদতে তেওঁক অপদস্থ কৰে কৰ্তব্যৰত জোৱান মকিবুল ৰহমানে।ঘটনাক কেন্দ্ৰ কৰি অসম বেটেলিয়নৰ জোৱান মকিবুল ৰহমানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী মহীৰ উদ্দিন সেখে।
ইফালে, জোৱানজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ভুক্তভোগী মহীৰ উদ্দিন সেখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ