তামুলপুৰৰ কুমাৰীকাটাত তিনি ভাতৃক ঘৰৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্বৰ আক্ৰমণ
তামুলপুৰ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিশা তামুলপুৰৰ কুমাৰীকাটাত চাঞ্চল্যকৰ ঘটনা। মা স্বৰস্বতী জুৱেলাৰী নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থাকোতে তিনি ভাতৃক ঘৰৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্বৰ আক্ৰমণ। প্ৰথমে পুতলা পিষ
তামুলপুৰৰ কুমাৰীকাটাত তিনি ভাতৃক ঘৰৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্বৰ আক্ৰমণ


তামুলপুৰ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিশা তামুলপুৰৰ কুমাৰীকাটাত চাঞ্চল্যকৰ ঘটনা।

মা স্বৰস্বতী জুৱেলাৰী নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থাকোতে তিনি ভাতৃক ঘৰৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্বৰ আক্ৰমণ।

প্ৰথমে পুতলা পিষ্টলেৰে আক্ৰমণৰ চেষ্টা আৰু পৰৱৰ্তী সময়ত ৰডেৰে আক্ৰমণ। গুৰুতৰ ভাৱে আহত দুই ভাতৃ ক্ৰমে নিত্যানন্দ দাস আৰু বিবেক দাস।

ঘটনাত কোনোমতে ৰক্ষা তৰুনী সেন দাসৰ। ঘটনা সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্বৰ দলটোৰ। স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ নাকা চেকিঙৰ মাজতেই কুমাৰীকাটাত সংঘটিত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত ।

আহত দুয়োগৰাকীকে ব্যক্তিক চিকিৎসালয়ত ভৰ্তি ।নিশাই ঘটনাস্থলীত উপস্থিত হয় তামুলপুৰ জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষৰ লগতে আৰক্ষীৰ বৃহৎ দলে আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande