
গুৱাহাটী, ১৫ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে স্বাধীনতা দিৱস উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷ ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতা দিৱসে গণতান্ত্ৰিক মূল্যবোধ, ৰাষ্ট্ৰীয় একতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প আৰু অধিক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশখন ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশত এই যাত্ৰাত সকলোৱে একেলগে আগবাঢ়ি যাব বুলি কয়।
তেওঁ নিজৰ বাৰ্তাৰ ‘জয় হিন্দ’ৰে সামৰণি মাৰে ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ