
শিৱসাগৰ, ১৫ আগষ্ট (হি.স.)। দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস পালনৰ দিনটোতে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহিল জিলা খনৰ বিধায়ক অখিল গগৈ। জলপ্ৰলয়ত নিঃশেষ উজনিৰ চাৰিখন জিলা বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী অখিল গগৈৰ।
তেওঁৰ আন দাবী সমূহ–মহাপ্ৰলয়ৰ কাৰণ উদ্ধাৰ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা , ঘটনাৰ কাৰণ উদ্ধাৰৰ দায়িত্ব চি বি আইক প্ৰদান কৰা, ক্ষতিগ্ৰস্ত তিনিখন জিলাৰ আন্তঃগাঁথনি পুননিৰ্মাণ কৰা আদি দাবীত অখিল গগৈয়ে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী পুৱাৰ পৰা আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ