বঙাইগাঁওতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন
বৰপেটা, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁওতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁওৰ গান্ধী ময়দানত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ বৰ্ণ
বঙাইগাঁওতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন


বৰপেটা, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁওতো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়।

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁওৰ গান্ধী ময়দানত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী।

এই উপলক্ষে অসম চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে গান্ধী ময়দানত জাতীয় পতাকা উত্তোলন কৰে।

পতাকা উত্তোলনৰ পাছতে মন্ত্ৰীগৰাকীয়ে ৰাজ্য তথা দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান বীৰসকলক স্মৰণ কৰাৰ লগতে দেশৰ ঐক্য, সংহতি আৰু অখণ্ডতা ৰক্ষাৰ বাবে সকলোৱে একেলগে কাম কৰাৰ আহ্বান জনোৱা হয়।

আজিৰ এই গৌৰৱময় অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দিপ্তিময়ী চৌধুৰীসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া, আৰক্ষী প্ৰশাসনৰ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, পেৰেড আৰু দেশপ্ৰেমমূলক কাৰ্যসূচীৰে গান্ধী ময়দানত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande