
শোণিতপুৰ, ১৪ আগষ্ট (হি.স.)। পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বস্তুশাস্ত্ৰবিদ তথা জ্যোতিষী আদিত্য নাথক ৷ উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী পিঠাখোৱাৰ আদিত্য নাথৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ তুলি যোৱা মংগলবাৰে তেওঁৰ নৱবিবাহিতা পত্নী তেজপুৰ তেলেৰীয়াৰ পাৰিমিতা নেওগে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে এইবিষয়ে সৱিশেষ অৱগত কৰিছিল শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষককো ৷
উল্লেখ্য় যে ছমাহ পূৰ্বে আদিত্যক জীৱন সংগী কৰি লোৱা পাৰিমিতাই ইয়াৰ পূৰ্বে বিহগুৰি আৰক্ষী চকীতো আদিত্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ ইপিনে তেজপুৰ আৰক্ষী থানাত পত্নীয়ে এজাহাৰ দাখিল কৰাৰ পিছৰে পৰাই অভিযুক্ত আদিত্য টুমুকিস্হিত এখন নাৰ্ছিংহোমত ভৰ্তি হৈ আছিল ৷ এইদৰে দুদিনৰ অধিকসময় চিকিৎসাধীন হৈ থকা অভিযুক্ত আদিত্যক তেওঁৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৮৫/৭৮/৭৪/৩৫১(৩)১১৭(২)৩(৫) ধাৰাত ৰুজু হোৱা ৫০০/২৬ নম্বৰৰ গোচৰত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ অৱশ্যে তেওঁৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত এইপৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই অভিযুক্তই ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ