উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণনৰ ১৬-১৭ আগষ্টত তামিলনাডু ভ্ৰমণ
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ১৬ আৰু ১৭ আগষ্টত তামিলনাডুলৈ দুদিনীয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত চেন্নাই, চেংগালপট্টু, তিৰুভাৰুৰ আৰু তাঞ্জাভুৰত আয়োজিত বিভিন্ন শৈক্ষিক, স্মৃতি আৰু সাহিত্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
उपराष्ट्रपति सी. पी. राधाकृष्णन (फाइल फोटो)

নতুন দিল্লী, ১৪ আগষ্ট (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ১৬ আৰু ১৭ আগষ্টত তামিলনাডুলৈ দুদিনীয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত চেন্নাই, চেংগালপট্টু, তিৰুভাৰুৰ আৰু তাঞ্জাভুৰত আয়োজিত বিভিন্ন শৈক্ষিক, স্মৃতি আৰু সাহিত্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উপ-ৰাষ্ট্ৰপতি সচিবালয়ে শুকুৰবাৰে প্ৰকাশ কৰে যে ১৬ আগষ্টত চেংগালপট্টুৰ কট্টাংকুলথুৰত অনুষ্ঠিত হ’বলগীয়া এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ ২২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ চেন্নাইৰ টি নগৰৰ বাণী মহলত নাগালেণ্ড, মণিপুৰ, আৰু পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল লা গণেশনৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

একেদিনাই তেওঁ চেন্নাইৰ ডি.জি. বৈষ্ণৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ হিন্দু মুন্নানীৰ প্ৰতিষ্ঠাপক প্ৰয়াত কে ৰামগোপালনৰ চিন্তা আৰু লেখাৰ আধাৰত নিৰ্মিত ‘ইকোজ অফ এ নেচনেলিষ্ট মাইণ্ড’ (ৰাষ্ট্ৰবাদী মনৰ প্ৰতিধ্বনি) নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ।

ইফালে ১৭ আগষ্টত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তিৰুভাৰুৰত কেন্দ্ৰীয় তামিলনাডু বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ তাঞ্জাভুৰৰ শাস্ত্ৰ ডিমড বিশ্ববিদ্যালয়ৰ ৰূপালী আৰু ৰুবী জয়ন্তী সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande