
ডেৰাডুন, ১৪ আগষ্ট (হি.স.)। উত্তৰাখণ্ডৰ চামোলী জিলাৰ পিপালকোটিত নিৰ্মাণাধীন জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত সংঘটিত দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযানত যোগদান কৰিছে সেনাৰ এটা দলে। লগে লগে যোশীমথৰ পৰা সেনা মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ)ৰ এটা দল সেই স্থানলৈ প্ৰেৰণ কৰা হয়। সেনাবাহিনীৰ দলটোৱে উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছিল, সুৰংগটোৰ ভিতৰত প্ৰায় ১.৫ কিলোমিটাৰ দূৰত্বত উপনীত হৈছিল।
সেনাবাহিনীৰ দলটোত বিষয়া, জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅ’), আৰু সৈনিকৰ লগতে বিশেষভাৱে প্ৰশিক্ষিত কে-৯ দল আৰু চিকিৎসা দল থাকে। স্থানত উপস্থিত হোৱাৰ লগে লগে সেনা জোৱানসকলে সুৰংগটোৰ ভিতৰৰ পৰিস্থিতিৰ মূল্যায়ন কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিশেষ উদ্ধাৰ সঁজুলিৰে সজ্জিত সেনাবাহিনীৰ দলটোৱে সুৰংগটোৰ ভিতৰত আগবাঢ়ি গৈ আবদ্ধ শ্ৰমিকসকলক উলিয়াই অনাত সহায় কৰে।
প্ৰশাসনৰ তথ্য অনুসৰি এই ঘটনাত এতিয়ালৈকে ৭ জন শ্ৰমিকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ পিছত প্ৰায় ২২ জন শ্ৰমিক আবদ্ধ হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰে ১৯ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে, আনহাতে তিনিজন শ্ৰমিকৰ সন্ধান অব্যাহত আছে।
সুৰংগ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। সুৰংগটোত এতিয়াও আবদ্ধ হৈ থকা শ্ৰমিকসকলক সুৰক্ষিত উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। তেওঁ এই কঠিন সময়ত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
আহত শ্ৰমিকসকলৰ সৈতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কয় যে পিপালকোটিৰ ক্ষতিগ্ৰস্ত সুৰংগ এলেকাৰ স্থান পৰিদৰ্শন কৰাৰ পিছত তেওঁ জিলা চিকিৎসালয়, গোপেশ্বৰত উপস্থিত হৈ উদ্ধাৰ কৰা কৰ্মীসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ মংগলৰ বিষয়ে সোধা-পোছা কৰে। তেওঁলোকৰ স্বাস্থ্য আৰু চিকিৎসাৰ বিষয়েও তেওঁ চিকিৎসকৰ পৰা সোধা-পোছা কৰে।
তেওঁ কয় যে তেওঁ চিকিৎসক আৰু সংশ্লিষ্ট বিষয়াসকলক আহত শ্ৰমিকসকলক সম্ভৱপৰ উত্তম চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো প্ৰচেষ্টা ৰক্ষা নকৰে। প্ৰয়োজন হ’লে তেওঁলোকক তৎক্ষণাত উচ্চ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগে, আৰু হেলিকপ্টাৰ এম্বুলেন্স বা অন্যান্য প্ৰয়োজনীয় চিকিৎসা সম্পদৰ উপলব্ধতা নিশ্চিত কৰিব লাগে। আহত শ্ৰমিক সকলৰ আশু আৰোগ্য লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে মুখ্যমন্ত্ৰীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া