



শোণিতপুৰ, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি শোণিতপুৰ আৰক্ষীৰ উদ্যোগত তেজপুৰত এক ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হয়।
জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত সকলো আৰক্ষী বিষয়া আৰু জোৱানে হাতে হাতে ৰাষ্ট্ৰীয় পতাকালৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা ত্ৰিৰংগা ৰেলী তেজপুৰ চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত উপস্থিত হয়।
আজি ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি সকলোকে স্বাধীনতা দিৱসৰ দিনা হৰ ঘৰ ত্ৰিৰংগা সফল কৰাৰ বাবে আহ্বান জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ