
নলবাৰী, ১৪ আগষ্ট (হি.স.)। নলবাৰীৰ কৈঠালকুছিত আলফা বুলি পৰিচয় দি ডকাইতিৰ চেষ্টা। পিষ্টলধাৰীৰ আক্ৰমণত আহত প্ৰধান শিক্ষয়িত্ৰী । কাইলৈ সমগ্ৰ দেশে পালন কৰিব দেশৰ স্বাধীনতা দিৱস । স্বাধীনতা দিৱসত যাতে কোনো উগ্ৰপন্থী সংগঠনে কুটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চলাইছে নিশ্চিদ্ৰ তালাচী অভিযান । ইয়াৰ মাজতে নলবাৰীৰ কৈঠালকুছিত সংঘটিত হ'ল এক ভয়ানক কাণ্ড ।
এখন বাইকত অহা দুই যুৱকে নিজকে সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা বুলি পৰিচয় দি আগভেটি ধৰিলে ২নং জোৱাৰ্দ্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখা ডেকাক । প্ৰথমে স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ পৰা বিৰত থাকিবলৈ দাবী জনাই যুৱক দুজনে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ দেহত পিষ্টল লগাই দিয়ে । ইয়াৰ পিছতে প্ৰধান শিক্ষয়িত্ৰী ৰেখা ডেকাৰ ডিঙিত থকা সোনৰ চেইন দাল কাঢ়িবলৈ ধৰাত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়েও নিজৰ চাটিটোৰে কোব মাৰি দি হৈ চৈ কৰাত স্থানীয় ৰাইজ ওলাই আহে । তেনে সময়তে যুৱক দুজনে ৰেখা ডেকাক আক্ৰমণ কৰি পলায়ন কৰে । আক্ৰমণত আহত প্ৰধান শিক্ষয়িত্ৰী ৰেখা ডেকাক স্থানীয় ৰাইজৰ সহযোগত নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় । অৱশ্যে প্ৰধান শিক্ষয়িত্ৰীৰ ডিঙিৰ সোনৰ চেইন কাঢ়ি নিবলৈ ব্যৰ্থ হয় যুৱক দুজন । চাৰিওফালে আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে কেনেকৈ পিষ্টলধাৰী যুৱকে দিন দুপৰতে ডকাইতিৰ চেষ্টা চলাব পাৰিলে বুলি প্ৰশ্ন উত্থাপন হৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা