
গোৱালপাৰা, ১৪ আগষ্ট (হি.স.)। জলেশ্বৰৰ গোসাইডুবিত এখন পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তাপ্ত পৰিস্থিতি।অগপ নেতা কৰ্মীয়ে পথখনৰ মেৰামতিৰ কামত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাত ঠিকাদাৰৰ ঘনিষ্ঠই আক্ৰমণ কৰাৰ অভিযোগ৷ ঘটনাস্থলীত স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই উপস্থিত হৈ অগপ কৰ্মীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য৷
ঘটনাস্থলীত ধুমেৰঘাট আৰক্ষীৰ দলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ উল্লেখ যে গোৱালপাৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত জলেশ্বৰ বিধান সভা সমষ্টিৰ লক্ষীপুৰ খলিছাভিটা সংযোগী পথৰ মেৰামতিক কেন্দ্ৰ কৰি সংঘটিত হৈছে তীব্ৰ উত্তেজনাৰ৷ পথটোৰ মেৰামতিৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাত অগপ দলৰ যুৱ নেতা জহিৰুল ইছলামৰ লগতে দলৰ একাংশ কৰ্মীয়ে বিৰোধীতা কৰাত পথখনৰ ঠিকা লাভ কৰা বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰ মেৰাজুল ইছলামৰ একাংশ লোকে অগপ দলটোৰ লগত প্ৰথমে তৰ্ক বিতৰ্ক আৰু তাৰ পিছত আক্ৰমণ কৰাৰ অভিযোগ৷
অগপৰ দলটোৱে ধুমেঘাট আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অগপৰ দলটোৱে ধুমেঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লাই পথৰ কামত উত্তপ্ত পৰিস্থিতিৰ খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সাক্ষাৎকাৰত পথৰ মেৰামতিৰ কামত বিৰোধিতা কৰা অগপৰ দলটোৰ বিৰুদ্ধে কটু সমালোচনা কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ