
ডিব্ৰুগড়, ১৪ আগষ্ট (হি.স.): স্বাধীনতা দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ টিংখাঙত ব্যাপক তালাচি অভিযান চলাইছে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে । টিংখাঙৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।
স্বাধীনতা দিৱসৰ দিনটোত যাতে কোনোধৰণৰ অপ্ৰিতীকৰ তথা কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰবাবে স্পৰ্শকাতৰ এলেকা সমূহৰ লগতে টিংখাঙৰ ৰাজপথত দিনে-নিশাই আৰক্ষীয়ে নিশ্চিদ্ৰ নিৰাপত্তা বেহু গঢ়ি তুলিছে। ব্লেক কামাণ্ডোৰ সহযোগত টিংখাং আৰক্ষীয়ে প্ৰত্যেকখন দুচকীয়া - চাৰিচকীয়া গাড়ী তন্নকৈ তন্নকৈ পৰীক্ষা কৰাৰ লগতে লগত থকা বেগ বা অন্যান্য সামগ্ৰী সমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা দেখা পোৱা গৈছে । যাতে কোনো কাৰনতে দুষ্কৃতিকাৰীয়ে কুটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে ইয়াৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখিছে টিংখাং আৰক্ষী প্ৰশাসনে ।
আনহাতে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চল সমূহত আৰক্ষীৰ সমান্তৰালকৈ টিংখাং আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনী সমূহে পানী নসৰকা তালাচীৰ ব্যৱস্থা কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ