সুভাষ চন্দ্ৰ বসুৰ ওপৰত কৰা মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কত অনন্ত মহাৰাজৰ ক্ষমা প্ৰাৰ্থনা; মুখ্যমন্ত্ৰীয়ে কয় - আইনে ল’ব নিজৰ গতি
কলকাতা, ১৪ আগষ্ট (হি.স.)। নেতাজী সুভাষ চন্দ্ৰ বসুক লৈ আপত্তিজনক মন্তব্য কৰা বিজেপি ৰাজ্যসভাৰ সাংসদ নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজৰ পৰা বংগ বিভূষণ বঁটা প্ৰত্যাহাৰ কৰাৰ পাছতো বিতৰ্ক অব্যাহত আছে। তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। বিতৰ্কৰ মাজতে অন
शुभेंदु अधिकारी


কলকাতা, ১৪ আগষ্ট (হি.স.)। নেতাজী সুভাষ চন্দ্ৰ বসুক লৈ আপত্তিজনক মন্তব্য কৰা বিজেপি ৰাজ্যসভাৰ সাংসদ নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজৰ পৰা বংগ বিভূষণ বঁটা প্ৰত্যাহাৰ কৰাৰ পাছতো বিতৰ্ক অব্যাহত আছে। তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। বিতৰ্কৰ মাজতে অনন্ত মহাৰাজে তেওঁৰ মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি ভৱিষ্যতে সতৰ্ক হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে তেওঁৰ ক্ষমাপ্ৰাৰ্থনাক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰে যদিও তেওঁ লগতে কয় যে সাংসদগৰাকীয়ে ক্ষমা কৰিব নোৱাৰা কাৰ্য সংঘটিত কৰিছে।

শুকুৰবাৰে ভৱানীপুৰত মুখ্যমন্ত্ৰীয়ে কয় যে অনন্ত মহাৰাজৰ ক্ষমাপ্ৰাৰ্থনাক ইতিবাচক দৃষ্টিৰে চোৱা উচিত। এনে মন্তব্য কৰোতে সাৱধানতা অৱলম্বন কৰা উচিত বুলি অনন্ত মহাৰাজে নিজেই স্বীকাৰ কৰে।

এই ক্ষেত্ৰত আইনে নিজৰ গতি ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে অনন্ত মহাৰাজৰ বিৰুদ্ধে বিভিন্ন ধাৰাত এফআইআৰ দাখিল কৰা হৈছে। এই পৰ্যন্ত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ পদক্ষেপৰ পিছত ২৮২টা পোষ্ট আঁতৰাই দিয়া হৈছে আৰু ইয়াৰ লগত জড়িত ফেচবুক একাউণ্টসমূহ বন্ধ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, এই গোচৰত মুঠ ৬টা এফআইআৰ দাখিল কৰা হৈছে।

এই বিতৰ্কৰ পিছতে অনন্ত মহাৰাজে ছ’চিয়েল মিডিয়াত ১৭ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰকাশ কৰি নেতাজীৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰাৰ লগতে তেওঁৰ মন্তব্যৰ বাবে অনুশোচনা কৰে। তেওঁ উল্লেখ কৰে যে নেতাজীৰ বিষয়ে তেওঁৰ অনাকাংক্ষিত মন্তব্যই যদি কাৰোবাৰ আৱেগক আঘাত কৰে তেন্তে তেওঁ আন্তৰিকতাৰে দুখ প্ৰকাশ কৰে।

সুভাষ চন্দ্ৰ বসুক লৈ সৃষ্টি হোৱা বিতৰ্কত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা পাঁচোজন লোকেই কুচবিহাৰ জিলাৰ বাসিন্দা। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত উত্তম বৰ্মন নামৰ এজন শিক্ষকো আছে। আটকাধীন আটাইকেইজন অভিযুক্তক শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয়।

ইফালে, পদ্মশ্ৰী বঁটা বিজয়ী স্বামী প্ৰদীপ্তানন্দজী মহাৰাজ ওৰফে কাৰ্তিক মহাৰাজেও অনন্ত মহাৰাজৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নেতাজীৰ ওপৰত মন্তব্য কৰাৰ পূৰ্বে ইতিহাস বুজাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। লগতে কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ নেতাজীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। অনন্ত মহাৰাজক কটাক্ষ কৰি তেওঁ ক'লে, অনন্ত মহাৰাজ ক’ৰ কোন?

ৰাজ্যিক মন্ত্ৰী শংকৰ ঘোষে কয় যে যদি কোনোবাই নিজৰ ভুল স্বীকাৰ কৰে তেন্তে সমাজেও উদাৰতা প্ৰদৰ্শন কৰিব লাগে। ভুল স্বীকাৰোক্তি আৰু ক্ষমাপ্ৰাৰ্থনাক সন্মান কৰা উচিত বুলিও তেওঁ কয়। এয়া ইগোৰ যুদ্ধ নহয়, আৰু কেৱল তেওঁক গ্ৰেপ্তাৰ কৰাটোৱেই ইয়াৰ সমাধান নহয়। তেওঁ কয় যে অনন্ত মহাৰাজে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছে। অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰিব পৰা স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত মন্তব্য এৰাই চলিব লাগে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande