
গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰী, ৰে’ল আৰু ৰে’লৱেৰ সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ সংমণ্ডলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে।ৰে’ল ষ্টেচনসমূহ, চলন্ত ৰে’ল আৰু ৰে’লৱেৰ বিভিন্ন চৌহদত ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মীসকলে ব্যাপক টহল আৰু নিৰীক্ষণ চলাই সতৰ্কতা বৃদ্ধি কৰিছে ।
কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা প্ৰতিৰোধ কৰাৰ লগতে স্বাধীনতা দিৱসৰ সময়ছোৱাত যাত্ৰীসকলৰ বাবে এক নিৰাপদ আৰু সুৰক্ষিত যাত্ৰাৰ পৰিৱেশ নিশ্চিত কৰাৰ উদ্দেশ্যে সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ স্থানসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ অংশ হিচাপে ৰে’ল ষ্টেচনসমূহ আৰু চলন্ত ৰে’লত ব্যাপক তালাচী আৰু নিৰীক্ষণ অভিযান চলোৱা হৈছে । এই অভিযানৰ অধীনত যাত্ৰীসকলৰ এলেকা, অপেক্ষা হল, প্লেটফৰ্ম, চাৰ্কুলেটিং এলেকা আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহ সামৰি লোৱা হৈছে। প্ৰশিক্ষিত স্নিফাৰ কুকুৰৰ সহায়ত ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে যাত্ৰীসকলৰ লাগেজ, পৰিত্যক্ত সামগ্ৰী আৰু সংবেদনশীল স্থানসমূহত পুংখানুপুংখভাৱে তালাচী চলাইছে। গুৰুত্বপূৰ্ণ স্থানসমূহত নিৰাপত্তাকৰ্মীসকলক কৌশলগতভাৱে মোতায়েন কৰা হৈছে। একে সময়তে, নিয়মীয়াকৈ যাত্ৰীসকলক ঘোষণা কৰি সজাগ কৰা হৈছে আৰু কোনো সন্দেহজনক ব্যক্তি, বস্তু বা কাৰ্যকলাপ দৃষ্টিগোচৰ হ’লে তৎক্ষণাত ৰে’লৱে কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ, বিশেষকৈ স্বাধীনতা দিৱসৰ দৰে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সময়ছোৱাত। সমগ্ৰ সংমণ্ডলত ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মীসকলক অধিক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন অনুসৰি অন্যান্য নিৰাপত্তা তথা আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। যাত্ৰীসকলকো সজাগ হৈ থাকিবলৈ, অচিনাকি ব্যক্তিৰ পৰা কোনো সামগ্ৰী গ্ৰহণ নকৰিবলৈ আৰু তালাচীৰ সময়ত নিৰাপত্তা কৰ্মীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ জৰিয়তে নিৰাপদ, সুৰক্ষিত আৰু অসুবিধামুক্ত ৰে’ল যাত্ৰা নিশ্চিত কৰাত সকলোৱে অৰিহণা যোগাব পাৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী