

গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। গুৱাহাটীমহানগৰীৰ ছয়মাইলত এছ টি এফ ৰ বৃহৎ অভিযান। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰিলে ৮৮ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন।
মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল জব্দকৃত ড্ৰাগছখিনি। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পঞ্জাবৰ কুখ্যাত সৰবৰাহকাৰী হৰদীপ সিং। চচলৰ ওম ৰেচিডেন্সিত বাহৰ পাতিছিল সৰবৰাহকাৰীটোৱে। আলমিৰাৰ ভিতৰত থকা এটি বেগৰ পৰা উদ্ধাৰ ১০ কিলো নিষিদ্ধ হেৰ'ইন। এছ টি এফৰ বিষয়া কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই ড্ৰাগছবিৰোধী বিশেষ অভিযান।
হিন্দুস্থান সমাচাৰ / Narayan Kar