বানৰ প্ৰলয়ৰ পাছত চৰকাৰী বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ শিক্ষা বিভাগৰ
বানৰ প্ৰলয়ৰ পাছত ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে।
বানৰ প্ৰলয়ৰ পাছত চৰকাৰী বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ শিক্ষা বিভাগৰ


শিৱসাগৰ, ১৪ আগষ্ট (হি.স.): বানৰ প্ৰলয়ৰ পাছত ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে । শিৱসাগৰ জিলাৰ ক্ষতিগ্ৰস্ত ৫৫৫ খন বিদ্যালয়ৰ ১৪০ খন বৰ্তমানেও পানীত ডুব গৈ থকাৰ উপৰিও ৬০ খন বিদ্যালয় বৰ্তমানেও আশ্ৰয় শিবিৰ হিচাপে ব্যৱহৃত হৈ আছে । বিদ্যালয়লৈ যোৱা বাট পথসমূহ বৰ্তমানেও পানীৰ তলত । চৰকাৰে ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিলেও বানাক্ৰান্ত অধিকাংশ বিদ্যালয়ত পাঠদানৰ পৰিবেশ ঘূৰাই আনিবলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হৈ পৰিব।

যাৰফলত বহুকেইটা বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে এটা মূল্যৱান শিক্ষাবৰ্ষ হেৰুৱাই পেলোৱাৰ সম্ভাৱনীয়তাই দেখা দিছে। বৰ্তমানেও বানৰ আবদ্ধ পানীত ডুব গৈ থকা শিৱসাগৰ জিলাৰ মলিয়াভেটা অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান মলিয়াভেটা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়খন বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল ।

বৰ্তমানেও দৰিকা নদীৰ পৰা অহৰহ বাগৰি থকা পানীত বিদ্যালয়খন বৰ্তমানেও ডুব গৈ আছে। বিদ্যালয়ৰ আচবাব সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ লগতে ফাটি গৈছে বিদ্যালয় গৃহৰ পকী বেৰা।মাত্ৰ এখনেই বিদ্যালয় থকা এই বানাক্ৰান্ত অঞ্চল সমূহত অনাগত সময়ত কিদৰে চৰকাৰে বা প্ৰশাসনে শিক্ষাৰ পৰিৱেশ ঘূৰাই আনিব সেইয়া এক বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande