দেশ বিভাজনৰ বিভীষিকা সোঁৱৰণী দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
–বিভাজনৰ বেদনাদায়ক ইতিহাস স্মৰণ কৰি ঐক্য, সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় সংহতি অটুট ৰখাৰ আহ্বান : দিলীপ শইকীয়াৰ গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। দেশ বিভাজনৰ বিভীষিকা সোঁৱৰণী দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই ১৯৪৭ চনৰ দেশ বি
বিজেপি


–বিভাজনৰ বেদনাদায়ক ইতিহাস স্মৰণ কৰি ঐক্য, সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় সংহতি অটুট ৰখাৰ আহ্বান : দিলীপ শইকীয়াৰ

গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। দেশ বিভাজনৰ বিভীষিকা সোঁৱৰণী দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা, গৃহহীন হোৱা আৰু নিজৰ জন্মভূমিৰ পৰা উৎখাত হ’বলগীয়া হোৱা অগণন ভাৰতীয় নাগৰিকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক শ্ৰদ্ধাঞ্জলি বাৰ্তাত বিজেপিৰ অসম প্ৰদেশ সভাপতি দিলীপ শইকীয়াই কয় যে ভাৰতৰ ইতিহাসৰ আটাইতকৈ বেদনাদায়ক অধ্যায়সমূহৰ অন্যতম হৈছে দেশ বিভাজন। তৎকালীন সময়ৰ ৰাজনৈতিক সিদ্ধান্ত আৰু ক্ষমতাকেন্দ্ৰিক স্বাৰ্থৰ পৰিণতিত অখণ্ড ভাৰত বিভাজিত হৈছিল। মুছলিম লীগৰ পৃথক ৰাষ্ট্ৰৰ দাবী আৰু সেই দাবীৰ প্ৰতি কংগ্ৰেছ নেতৃত্বৰ সন্মতিৰ ফলত দেশ বিভাজনৰ পথ প্ৰশস্ত হৈছিল। এই বিভাজনৰ আঁৰত তৎকালীন কংগ্ৰেছ নেতৃত্বৰ একাংশৰ ৰাজনৈতিক উচ্চাকাংক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও তেওঁ উল্লেখ কৰে।

শইকীয়াই কয় যে ১৯৪৭ চনৰ বিভাজনে কেৱল ভাৰতৰ মানচিত্ৰকে বিভক্ত কৰা নাছিল; ই কোটি কোটি মানুহৰ জীৱন, পৰিয়াল আৰু সামাজিক অস্তিত্বত গভীৰ আঘাত হানিছিল। লাখ লাখ পৰিয়ালক নিজৰ ভেটি-মাটি এৰি অচিনাকি ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰা হৈছিল। বিভাজনৰ সময়ত সংঘটিত ব্যাপক হিংসাত অসংখ্য নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আৰু অগণন পৰিয়ালে অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছিল।

তেওঁ কয়, “দেশ বিভাজনৰ সেই বিভীষিকা আৰু তাৰ ফলত সৃষ্টি হোৱা মানৱীয় যন্ত্ৰণা আমাৰ ইতিহাসৰ এক অমোচনীয় অধ্যায়। সেই কৰুণ ইতিহাস পাহৰি যোৱা নহয়, বৰং তাৰ পৰা শিক্ষা লৈ ভৱিষ্যৎ প্ৰজন্মক ৰাষ্ট্ৰীয় ঐক্য, ভাতৃত্ববোধ, সম্প্ৰীতি আৰু অখণ্ডতাৰ প্ৰতি অধিক সচেতন কৰি তোলাই এই দিৱসৰ মূল তাৎপৰ্য।”

অসম প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীয়ে বিভাজনৰ সময়ত হিংসা, নিৰ্যাতন আৰু স্থানচ্যুতিৰ বলি হোৱা প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰতি গভীৰ সমবেদনা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে বিভাজনৰ যন্ত্ৰণাৰ পৰা শিক্ষা লৈ ভাৰতৰ একতা আৰু অখণ্ডতা অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিগৰাকী নাগৰিকে সংকল্পবদ্ধ হোৱা উচিত।

তেওঁ দেশবাসীক ৰাজনৈতিক স্বাৰ্থ আৰু বিভাজনৰ ৰাজনীতিৰ ঊৰ্ধ্বত উঠি জাতীয় ঐক্য, সামাজিক সম্প্ৰীতি আৰু ভাৰতৰ সাৰ্বভৌমত্ব-অখণ্ডতা ৰক্ষাৰ বাবে একত্ৰিতভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande