হাতীধুৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক পদযাত্ৰা
কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.)। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ হাতীধুৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি পদযাত্ৰা । ছাত্ৰ ছাত্ৰী সকলে হাতত ২০০ ফুট দীঘল ত্ৰিৰংগা পতাকা লৈ ৰাজপথত পদযাত্ৰা কৰে ।
হাতীধুৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক পদযাত্ৰা


কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.)। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ হাতীধুৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি পদযাত্ৰা । ছাত্ৰ ছাত্ৰী সকলে হাতত ২০০ ফুট দীঘল ত্ৰিৰংগা পতাকা লৈ ৰাজপথত পদযাত্ৰা কৰে । সাধাৰণ ৰাইজক ত্ৰিৰংগা মহত্ব বুজাবলৈ মহাবিদ্যালয় খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয় খনৰ অধ্যক্ষ ৰুবুল বৰ্মনৰ নেতৃত্বৰ উলিওৱা এই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande