ৰাষ্ট্ৰপতিৰ অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিকী উদ্বোধন; ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিকী ২০২৬ উদ্বোধন কৰে। ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি থাকিব। এই সময়ছোৱাত বাগিচাখন প্ৰতিদিনে পুৱা ১০
राष्ट्रपति द्रौपदी मुर्मु शुक्रवार को राष्ट्रपति भवन स्थित अमृत उद्यान के ग्रीष्मकालीन वार्षिकोत्सव-2026 का उद्घाटन करते हुए


নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিকী ২০২৬ উদ্বোধন কৰে। ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি থাকিব। এই সময়ছোৱাত বাগিচাখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ খোলা থাকিব, শেষৰটো প্ৰৱেশ বিয়লি ৫:০০ বজাত দিয়া হ’ব।

ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰা তথ্য অনুসৰি ৰক্ষণাবেক্ষণৰ বাবে প্ৰতি সোমবাৰে অমৃত উদ্যান বন্ধ থাকিব। বাগিচাখনত প্ৰৱেশ বিনামূলীয়া হ’ব যদিও দৰ্শকে অনলাইনতহে বুকিং কৰিব লাগিব। কোনো ধৰণৰ অন-ছাইট বুকিং কৰা নহ’ব। যিকোনো এটা দিনৰ বাবে অনলাইন বুকিং আগদিনা পুৱা ১০:০০ বজাত বন্ধ হ’ব।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ২৯ আগষ্টত খেলুৱৈসকলৰ বাবে আৰু ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে শিক্ষকসকলৰ বাবে অমৃত উদ্যানৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।

নৰ্থ এভিনিউ ৰোডৰ ওচৰত অৱস্থিত ৩৫ নং গেটেৰে দৰ্শনাৰ্থী প্ৰৱেশ আৰু প্ৰস্থান কৰিব। দৰ্শনাৰ্থীয়ে মোবাইল ফোন, ইলেক্ট্ৰনিক চাবি, মানিবেগ, হেণ্ডবেগ, পানীৰ বটল, শিশুৰ গাখীৰৰ বটল, ছাতি আদি লৈ যাব পাৰিব। ভিতৰত আন কোনো সামগ্ৰীৰ অনুমতি দিয়া নহ’ব।

দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে ভ্ৰমণ পথত খোৱাপানী, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, বৰষুণৰ আশ্ৰয় শিবিৰ, আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় সচিবালয় মেট্ৰ’ ষ্টেচনৰ পৰা অমৃত উদ্যান প্ৰৱেশদ্বাৰলৈ প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ বিনামূলীয়াকৈ শ্বাটল বাছ সেৱা উপলব্ধ হ’ব।

বাগিচা ভ্ৰমণৰ সময়ত দৰ্শকে বাল ভাটিকা, প্লুমেৰিয়া গাৰ্ডেন, বেনিয়ান গ্ৰ’ভ, বনছাই গাৰ্ডেন, বেবলিং ব্ৰুকছ, চেণ্ট্ৰেল লন, লং গাৰ্ডেন, আৰু চাৰ্কুলাৰ গাৰ্ডেনকে ধৰি বিভিন্ন আকৰ্ষণ উপভোগ কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande