৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনকলৈ পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ ব্যাপক প্রস্তুতি
৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনকলৈ ব্যাপক প্রস্তুতি পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ।
৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনকলৈ পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ ব্যাপক প্রস্তুতি


কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.): দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যো-জা কৰা হৈছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱসটি উদযাপন কৰিবলৈ মহকুমা সদৰ কাজিগাঁও গাৰোপাৰা য়ুথ স্পৰ্টছ ক্লাব খেল পথাৰখন আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । স্বাধীনতা দিৱসৰ দিনা পেৰেড সমাৰোহৰ বাবে আৰক্ষী স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ অন্তিম আখৰাকলৈ ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

অন্তিম পেৰেড আখৰাত উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত পৰ্বতঝোৰা মহকুমাধিপতি হৰে কৃষ্ণ ডেকা, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা লগতে বহু বিষয়া কৰ্মচাৰী।স্বাধীনতা দিৱসৰ দিনা যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি মহকুমাধিপতি গৰাকীয়ে জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande