
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। বিভাজন ভয়ানক স্মৃতি দিৱস উপলক্ষে বিভিন্ন ৰাজ্যৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলে ১৯৪৭ চনৰ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা লোকসকলৰ লগতে স্থানচ্যুতি আৰু হিংসাৰ যন্ত্ৰণা ভোগ কৰা পৰিয়ালসমূহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিভিন্ন ৰাজ্যৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে বিভাজনৰ ট্ৰেজেডীক ভাৰতীয় ইতিহাসৰ এক যন্ত্ৰণাদায়ক অধ্যায় বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় একতা, অখণ্ডতা, সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবে ইয়াৰ পৰা শিকিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ১৯৪৭ চনৰ ১৪ আগষ্টত ইতিহাসৰ আটাইতকৈ নিষ্ঠুৰ অধ্যায়ৰ সাক্ষী হৈছিল, য’ত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু কোটি কোটি লোকে ঘৰ-বাৰী, সম্পত্তি, আপোনজনক এৰি থৈ গৈছিল। তেওঁ বিভাজনৰ বাবে তেতিয়াৰ কংগ্ৰেছ নেতৃত্বৰ নীতিক দোষাৰোপ কৰি কয় যে ইতিহাসে এই যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰে। শ্বাহে কয় যে মোডী চৰকাৰে এই শোকাৱহ ঘটনাৰ স্মৃতি ‘বিভাজন ভয়ানক সোঁৱৰণী দিৱস’ৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজলৈ লৈ গৈছে, যাতে দেশক বিভাজিত কৰাৰ প্ৰয়াস কৰা শক্তিসমূহ সফল নহয় আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প শক্তিশালী হয়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিভাজন ভয়ানক স্মৃতি দিৱসে আমাক লাখ লাখ পৰিয়ালৰ দুখ-কষ্ট, স্থানচ্যুতি, আৰু অনিশ্চয়তাৰ কথা মনত পেলাই দিয়ে। ঘৰ-দুৱাৰ, পৰিয়াল, সম্পত্তি হেৰুৱাই নিজৰ জীৱন পুনৰ নিৰ্মাণৰ সংকল্প লোৱাসকলৰ সংগ্ৰাম, সাহস, ত্যাগ, অধ্যৱসায়ক স্মৰণৰো এই দিনটো এক সুযোগ বুলি তেওঁ কয়।
কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ১৯৪৭ চনৰ বিভাজনক বৰ্বৰতা আৰু ভয়ানকতাৰে ভৰা বিশ্ব ইতিহাসৰ এক অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে ঘৃণা আৰু হিংসাৰ বাবে লাখ লাখ লোকে স্থানচ্যুতিৰ যন্ত্ৰণা ভোগ কৰিছিল, আৰু বহুতে প্ৰাণ হেৰুৱাইছিল। চৌহানে জাতিটোৰ ঐক্য আৰু সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিৰ আহ্বান জনায়।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ধৰ্মৰ আধাৰত বিভাজনক ভাৰতীয় ইতিহাসৰ এক অমানৱীয় আৰু অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰে। বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয় যে দেশে এই শোকাৱহ ঘটনা কেতিয়াও পাহৰিব নোৱাৰে।
কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই কয় যে বিভাজনৰ সময়ত অগণন লোকে স্থানচ্যুতি আৰু দুখ-কষ্টৰ সন্মুখীন হৈছিল। তেওঁ কয় যে ৰাজনৈতিক আকাংক্ষা আৰু সংকীৰ্ণ মতাদৰ্শৰ ফলত সৃষ্টি হোৱা বিভাজনে ৰক্তপাত, ঘৃণা, আৰু স্থানচ্যুতিৰ জৰিয়তে সমাজখনক গভীৰভাৱে আঘাত কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিভাজনত ঘৰ-দুৱাৰ, শিপা, আপোনজনক হেৰুৱাই পেলোৱাসকলৰ সাহস আৰু সংগ্ৰামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিভাজনৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয় যে তেতিয়াৰ কংগ্ৰেছ নেতৃত্বৰ নীতিগত ভুল আৰু ক্ষমতাৰ ৰাজনীতিৰ ফলত লাখ লাখ লোকৰ গণহত্যা, স্থানচ্যুতি, বিচ্ছেদ ঘটিছিল। তেওঁ কয় যে এই স্মৃতি দিৱসটোৱে আমাক জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ আৰু এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ সংকল্প শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ১৯৪৭ চন কেৱল সীমা বিভাজন নহয়, অগণন পৰিয়ালৰ সপোন, সম্পৰ্ক, আৱেগ আদিও ছিন্নভিন্ন হৈ পৰিছিল। তেওঁ কয় যে বিভাজন ভয়ানক স্মৃতি দিৱসে আমাক সেই দুখ-কষ্টৰ পৰা শিকিবলৈ আৰু জাতিটোৰ ঐক্য আৰু অখণ্ডতাক অগ্ৰাধিকাৰ দিবলৈ শিকাই।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লাখ লাখ নিৰীহ নাগৰিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ১৯৪৭ চনৰ ১৪ আগষ্টত কেৱল দেশৰ সীমা সলনি হোৱাই নহয়, মানুহবোৰো নিজৰ গৃহভূমি, ঘৰ, আপোনজনৰ পৰাও বিচ্ছিন্ন হৈ পৰিল। বিভাজনৰ যন্ত্ৰণা ভোগ কৰা পৰিয়ালসমূহৰ সংগ্ৰাম আৰু দেশ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান সদায় মনত ৰখা উচিত বুলিও কয় ছানীয়ে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে বিভাজনৰ ট্ৰেজেডীয়ে অগণন পৰিয়ালক আপোনজনৰ পৰা পৃথক কৰি পেলাইছিল আৰু লাখ লাখ লোকে নিজৰ গৃহভূমি, জীৱিকা, সম্পত্তি পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল। তেওঁ কয় যে এই যন্ত্ৰণা এতিয়াও আমাৰ সামূহিক স্মৃতিত জীয়াই আছে আৰু মানৱতা, ঐক্য, ভাতৃত্ববোধৰ গুৰুত্বৰ কথা আমাক মনত পেলাই দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া