তেজপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস–২০২৬ উপলক্ষে এক বিশেষ অনুষ্ঠান
শোণিতপুৰ, ১৪ আগষ্ট (হি.স.) । স্বাধীনতা লাভৰ সময়ত ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সৈতে জড়িত কৰুণ ঘটনা আৰু ব্যাপক মানৱীয় দুখ-কষ্টক স্মৰণ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দৰং মহাবিদ্যালয়ৰ সহযোগত আজি তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ এন ই চি সভাক
তেজপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস–২০২৬ উপলক্ষে এক বিশেষ অনুষ্ঠান


শোণিতপুৰ, ১৪ আগষ্ট (হি.স.) । স্বাধীনতা লাভৰ সময়ত ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সৈতে জড়িত কৰুণ ঘটনা আৰু ব্যাপক মানৱীয় দুখ-কষ্টক স্মৰণ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দৰং মহাবিদ্যালয়ৰ সহযোগত আজি তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ এন ই চি সভাকক্ষত বিভাজন বিভীষিকা স্মৃতি দিৱস–২০২৬ উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভণিতে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই আদৰণি ভাষণ আগবঢ়াই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে নৱপ্ৰজন্মই দেশৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসৰ বিষয়ে অৱগত হোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ পলাচীৰ যুদ্ধৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিস্তাৰ আৰু ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে সংঘটিত বিভিন্ন ঐতিহাসিক পৰিঘটনাৰ বিষয়ে আলোকপাত কৰে। লগতে বিভাজনৰ সৈতে জড়িত কৰুণ পৰিস্থিতি আৰু মানৱীয় দুখ-কষ্টৰ বিষয়ে উল্লেখ কৰি নৱপ্ৰজন্মক ইতিহাসৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টোৰ বিষয়ে অৱগত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰাইও বিভাজন বিভীষিকা স্মৃতি দিৱসৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য আগবঢ়াই শিক্ষাৰ্থীসকলক স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু ৰাষ্ট্ৰীয় পতাকাৰ সৈতে জড়িত নিয়ম-নীতি তথা প্ৰট’কলৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জেম্ছে আইন্দ, সহকাৰী আয়ুক্ত শ্ৰীমতী বিচিত্ৰা দাস, দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ কংকন ডেকাই বিভাজন বিভীষিকা স্মৃতি দিৱসৰ তাৎপৰ্য আৰু ভাৰত বিভাজনৰ বিভিন্ন কাৰকৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। তেওঁ বিভাজনৰ আঁৰৰ ঐতিহাসিক পৰিস্থিতি আৰু সেই সময়ত সংঘটিত বিভীষিকাময় পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংগ্ৰামৰ অন্তিম পৰ্যায়ত ভাৰত বিভাজন সংঘটিত হ’লেও ইয়াৰ বীজ ঔপনিৱেশিক শাসনৰ বহু সময়ৰ আগতেই ৰোপণ কৰা হৈছিল।

অনুষ্ঠানত ভাৰত বিভাজনৰ বিভীষিকাৰ ওপৰত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। তথ্যচিত্ৰখনৰ জৰিয়তে বিভাজনৰ সময়ত সংঘটিত কৰুণ ঘটনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী মানৱীয় প্ৰভাৱৰ এক দৃশ্যমান চিত্ৰ উপস্থিতসকলৰ সন্মুখত দাঙি ধৰা হয় । এই অনুষ্ঠানৰ সামৰণি ৰাষ্ট্ৰীয় সংগীতেৰে পৰে।

উল্লেখযোগ্য যে, বিভাজন বিভীষিকা স্মৃতি দিৱস–২০২৬ পালনৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহতো বিভাজনৰ বিভীষিকা আৰু মানৱীয় প্ৰভাৱৰ ওপৰত তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু নৱপ্ৰজন্মক ভাৰতৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টোৰ বিষয়ে সংবেদনশীল কৰি তোলা হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ ২নং সভাকক্ষতো বিষয়া-কৰ্মচাৰী আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলৰ বাবে এক বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শনৰ আয়োজন কৰা হয়। উক্ত প্ৰদৰ্শনীত জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা, অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জেম্ছে আইন্দ আৰু অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য উপস্থিত থাকে। আজিৰ এই দিনটোৰ দেশপ্ৰেমমূলক আবেগ আৰু অধিক উজ্জীৱিত কৰি এছ এছ বি বেণ্ডে তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়ামত এক বিশেষ প্ৰদৰ্শন অনুষ্ঠিত কৰে আৰু উপস্থিতসকলৰ উৎসাহী অংশগ্ৰহণ তথা প্ৰশংসা লাভ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande