বন্দিহানাৰ চালবান্দাত পত্নীক হত্য়াৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
ধুবুৰী, ১৪ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চালবান্দা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। জানিব পৰা অনুসৰি, দুগৰাকী পত্নীৰ স্বামী পোৰামানিক( ৩৫) নিজৰ প্ৰথম পত্নী মমতাজ বেগম(২৯)ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই
বন্দিহানাৰ চালবান্দাত পত্নীক হত্য়াৰ অভিযোগত এজনক গ্ৰেপ্তাৰ


ধুবুৰী, ১৪ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চালবান্দা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। জানিব পৰা অনুসৰি, দুগৰাকী পত্নীৰ স্বামী পোৰামানিক( ৩৫) নিজৰ প্ৰথম পত্নী মমতাজ বেগম(২৯)ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বন্দিহানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু গোচৰ নম্বৰ ৯৫/২০২৬ ত ভাৰতীয় ন্যায় সংহিতা ৰ ধাৰা ৬১(২)/১০৩(১) ভিত্তিত মমতাজ বেগমৰ স্বামী পোৰামানিকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande