কলগাছিয়াত ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
বৰপেটা, ১৪ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰীত যোৱা নিশা কলগাছিয়া আৰক্ষীয়ে চলায় ড্ৰাগছবিৰোধী অভিযান। গোপন সূত্ৰৰ ভিত্তিত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এই অভিযানত ড্ৰাগছসহ দুজন
কলগাছিয়াত ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী


বৰপেটা, ১৪ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰীত যোৱা নিশা কলগাছিয়া আৰক্ষীয়ে চলায় ড্ৰাগছবিৰোধী অভিযান।

গোপন সূত্ৰৰ ভিত্তিত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এই অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।আৰক্ষীৰ অভিযানত ৯টা ভৰ্তি কণ্টেইনাৰ আৰু চাবোনৰ বাকচত থকা এটা পেকেট ড্ৰাগছ জব্দ কৰা হয়।আটকাধীন দুজনক জনতা গাঁৱৰ নিৰ্মল ৰুহি দাস আৰু আবু শ্বাহিম বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে দুয়োকে আটক কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ আহি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।ইফালে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা কলগাছিয়া আৰক্ষী বিষয়া হিতেশ হালৈক ৰাইজে ধন্যবাদ জনাইছে। লগতে অনাগত দিনত ড্ৰাগছ, জুৱা, ভাং আদিৰ দৰে অসামাজিক কাম কাজক কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande