
ধুবুৰী, ১৪ আগষ্ট (হি.স.)। বিলাসীপাৰাৰ নয়াহাট আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান ।
অভিযানত ফকিৰানিৰঝাৰ দ্বিতীয় খণ্ড গাঁৱত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ আটক কৰে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক ।
নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি দিহিঙীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গাঁও খনৰ ছেকেন্দাৰ আলীৰ বাসগৃহত চলায় অভিযান ।গোপন খবৰৰ ভিত্তিত বাসগৃহটোত চলোৱা অভিযানত ২১.৪৪ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী ছেকেন্দাৰ আলীৰ পত্নী আৰ্জিনা খাতুনক আটক কৰে । অৱশ্যে ড্ৰাগছ ব্যৱসায়ী ছেকেন্দাৰ আলী পলাই যাবলৈ সক্ষম হয় । আটকাধীন আৰ্জিনা খাতুনক আটক কৰি নয়াহাট আৰক্ষী চকী লৈ নি তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ