
শোণিতপুৰ, ১৪ আগষ্ট (হি.স.): পুনৰ বহি:ৰাজ্যত মৃত্যু মুখত পৰিছে অসমৰ এজন লোক ৷ অকাল মৃত্যুক আকোৱালি লয় জামুগুৰিহাটৰ হাটিঙাবঢ়ি নিবাসী দীপজ্যোতি হাজৰিকা (৫৮) নামৰ লোকজনে ৷
উল্লেখ্য় যে পৰিয়াল পোহপালৰ তাগিদাত বহি:ৰাজ্যত কৰ্মৰত আছিল লোকজন ৷ বাংগালোৰৰ এটা কোম্পানীত এমাহ পূৰ্ৱে কৰ্মত যোগদান কৰিছিল লোকজনে ৷ লোকজনৰ মৃত্য়ুত জামুগুৰিহাটৰ হাটিঙাবঢ়িত থকা পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। লগতে স্বগৃহলৈ আনিবলৈ প্ৰশাসনৰ ওচৰত আৰ্জি জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ