শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে টিংখাঙত আছুৰ উত্তাল প্ৰতিবাদ
ডিব্ৰুগড়, ১৪ আগষ্ট (হি.স.)। ৰাজ্যত এফালে উৎকট গৰম, আৰু আনফালে শক্তি বিভাগৰ সঘন লুকাভাকু। শক্তিহীন হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ। খোদ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা শক্তি বিভাগৰ চৰম ব্যৰ্থতা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এইবাৰ টিংখাঙত জাঙুৰ খাই
শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে টিংখাঙত আছুৰ উত্তাল প্ৰতিবাদ


ডিব্ৰুগড়, ১৪ আগষ্ট (হি.স.)। ৰাজ্যত এফালে উৎকট গৰম, আৰু আনফালে শক্তি বিভাগৰ সঘন লুকাভাকু। শক্তিহীন হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ। খোদ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা শক্তি বিভাগৰ চৰম ব্যৰ্থতা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এইবাৰ টিংখাঙত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

টিংখাং, ৰাজগড় আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিতভাৱে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফৰকাল বতৰতো কোনো আগজাননী নিদিয়াকৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ যোগান বন্ধ ৰখাৰ ফলত এতিয়া চৰম দুৰ্ভোগ ভুগিছে টিংখাঙৰ ৰাইজে। বিশেষকৈ অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত সাধাৰণ জনতাৰ লগতে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।

কেৱল মৌখিক প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাঁৰি অহা শক্তি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে ছাত্ৰ সন্থাৰ সদস্যসকল। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে টিংখাঙত বিদ্যুতৰ সমস্যা সমাধান কৰি নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande