হাৰমতী বগলীৰ শান্তিপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
লখিমপুৰ, ১৪ আগষ্ট (হি.স.)। হাৰমতী বগলীৰ শান্তিপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ৷ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধিনৰ বগলী বনাঞ্চলৰ সমীপৰ শান্তি পুৰত আজি পুৱা এটা প্ৰায় ১৪-১৫ ফুট দীঘল অজগৰক এটা ছাগলী খাবলৈ লোৱাৰ অৱস্থাত গাৱৰ ৰাইজে প্ৰত্যক্ষ কৰে৷ বিভিন্ন জনে ম
হাৰমতী বগলীৰ শান্তিপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ


লখিমপুৰ, ১৪ আগষ্ট (হি.স.)। হাৰমতী বগলীৰ শান্তিপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ৷

হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধিনৰ বগলী বনাঞ্চলৰ সমীপৰ শান্তি পুৰত আজি পুৱা এটা প্ৰায় ১৪-১৫ ফুট দীঘল অজগৰক এটা ছাগলী খাবলৈ লোৱাৰ অৱস্থাত গাৱৰ ৰাইজে প্ৰত্যক্ষ কৰে৷ বিভিন্ন জনে মতপোষণ কৰে দাতিকাষৰীয়া বগলী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অজগৰটো আহিছিল৷ ৰাইজে হাৰমতী আঞ্চলিক বন সংমণ্ডলত খৱৰ দিয়ে আৰু বন কৰ্মীক ৰাইজে অজগৰ টো চমজাই দিয়ে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande