
কাঠমাণ্ডু, ১৪ আগষ্ট (হি.স.)। নেপালৰ কাস্কি জিলাৰ পাহাৰীয়া সীমান্ত অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা মোডীখোলা নদীৰ বানে দুখন দলং উটুৱাই লৈ যায়। বানপানীৰ প্ৰবল সোঁতে উটুৱাই লৈ যায় অন্নপূৰ্ণা মাতা মন্দিৰ পৰিসৰৰ আধা অংশও। তাত বাস কৰা এজন ভাৰতীয় পুৰোহিত আৰু মন্দিৰ দৰ্শন কৰিবলৈ যোৱা দুজন ভক্তক নিৰাপদে উদ্ধাৰ কৰা হয়।
খবৰ অনুসৰি বিৰেথান্টিৰ সমীপত অন্নপূৰ্ণা গাঁও পৌৰসভাৰ ৫ আৰু ৬নং ৱাৰ্ড সংযোগী দলংখন বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। অন্নপূৰ্ণা মন্দিৰৰ তলৰ অংশও ক্ষতিগ্ৰস্ত হয়।
সশস্ত্ৰ আৰক্ষী বাহিনীৰ তথ্য অনুসৰি, ৰছীৰ জৰিয়তে উদ্ধাৰ অভিযানত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিজন জোৱান আৰু ৭ জনীয়া এটা দলে মন্দিৰত উপস্থিত হয়। ডিএছপি শৈলেন্দ্ৰ থাপাই উদ্ধাৰ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে। মন্দিৰৰ ভিতৰত আবদ্ধ হৈ থকা তিনিজন লোকক নিৰাপদে উলিয়াই আনিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া