বৰষুণৰ ফলত নেপালৰ মেচি আৰু বি পি ঘাইপথকে ধৰি কেইবাটাও ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ
কাঠমাণ্ডু, ১৪ আগষ্ট (হি.স.)। নেপালৰ পাহাৰীয়া জিলাসমূহত অবিৰত বৰষুণৰ ফলত হোৱা বানপানী, ভূমিস্খলন, পথ খহি যোৱাৰ ফলত শুকুৰবাৰে কেইবাটাও মুখ্য ঘাইপথত যাতায়ত ব্যাহত হয়। নেপাল আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি ইলামৰ মেচি ঘাইপথ, কাভ্ৰেপালনচোকৰ বি পি
बारिश और भूस्खलन से नेपाल के कई राजमार्ग अवरुद्ध


কাঠমাণ্ডু, ১৪ আগষ্ট (হি.স.)। নেপালৰ পাহাৰীয়া জিলাসমূহত অবিৰত বৰষুণৰ ফলত হোৱা বানপানী, ভূমিস্খলন, পথ খহি যোৱাৰ ফলত শুকুৰবাৰে কেইবাটাও মুখ্য ঘাইপথত যাতায়ত ব্যাহত হয়। নেপাল আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি ইলামৰ মেচি ঘাইপথ, কাভ্ৰেপালনচোকৰ বি পি ঘাইপথ, মাকাৱানপুৰৰ কান্তি লোকপথ, সিন্ধুপালচোকৰ অৰ্ণিকো ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

ৰসুৱাৰ ত্ৰিশুলী-মাইলুং-ছ্যাফ্ৰুবেন্সি পথ, ধাডিঙৰ পৃথ্বী ঘাইপথ, লামজুঙৰ মিধিল ঘাইপথ, ৰুকুম পূবৰ মিধিল ঘাইপথ, ৰুকুম পশ্চিমৰ ভেৰী কৰিডৰতো বানপানী আৰু ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰে।

আৰক্ষীৰ মতে, বৰ্তমান বাগলুঙৰ কালিগণ্ডাকী কৰিড’ৰ, মুস্তাঙৰ বেনি-জোমছম ৰোড, ভোজপুৰৰ মিহিল হাইৱে’ত একমুখী যাতায়ত চলি আছে।

কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰা কৰাৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে পথৰ শেহতীয়া অৱস্থাৰ বিষয়ে জানিবলৈ আহ্বান জনাইছে। বিষয়াসকলে সকীয়াই দিছে যে ভূমিস্খলন, বানপানী, পথৰ খহনীয়াৰ আশংকা অবিৰতভাৱে আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande