
নলবাৰী, ১৪ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত নলবাৰীত আজি পালন কৰা হৈছে নলবাৰী জিলা দিৱস। ১৯৮৫ চনৰ ১৪ আগষ্টত নতুনকৈ গঠন হৈছিল নলবাৰী জিলা৷
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ ৷
জিলা দিৱস উপলক্ষে আয়োজিত ৰক্তদান শিবিৰত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দান কৰিলে তেজ৷ ৰক্তদান মহান দান। মানুহৰ জীৱন ৰক্ষাৰ্থে আজি এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰক্তদান কৰি এক বিশেষ বাৰ্তা বহন কৰিছে।
আনহাতে জিলা খনৰ বহু কেইগৰাকী লোকে ৰক্তদান কৰিবলৈ এই ৰক্তদান শিবিৰত উপস্থিত হয়। যোৱা বেলিও জয়ন্ত মল্ল বৰুৱাই ৰক্তদান কৰিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা