
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ এখন আশ্ৰম বিদ্যালয়ৰ হোষ্টেলত সাপে কামোৰাৰ ফলত তিনিগৰাকী কন্যা ছাত্ৰীৰ মৃত্যুৰ বিষয়টো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিশেষ গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আয়োগে ৰাজ্যৰ মুখ্য সচিবক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন বিচাৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিচনাৰ অভাৱত ৭৯ গৰাকী কন্যা ছাত্ৰীয়ে নিজৰ কোঠাত মজিয়াত শুই আছিল। ইয়াৰ মাজতে বিষাক্ত সাপে ছয় জনক কামুৰিলে। ইয়াৰে তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি বিগত ২৫ বছৰ ধৰি চলি থকা হোষ্টেলটোত মৌলিক সা-সুবিধাৰ অভাৱ। জিলাখনত প্ৰতি বছৰে অসংখ্য সাপে কামোৰাৰ খবৰ পোৱা যায়। আয়োগে এই প্ৰতিবেদনত আহত কন্যা ছাত্ৰীৰ স্বাস্থ্যৰ অৱস্থাৰ তথ্য সন্নিবিষ্ট কৰাৰ নিৰ্দেশ দিছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া