
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানৰ মাজত আত্মহত্যাৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিশেষ সচেতনতা গ্ৰহণ কৰিছে।
আয়োগে গৃহ মন্ত্ৰালয়ৰ সচিব আৰু চি আৰ পি এফৰ সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে। চৰকাৰী তথ্য অনুসৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা ২২ মে’ৰ ভিতৰত পাঁচ মাহৰ ভিতৰত ১৯ জন চি আৰ পি এফ জোৱানে আত্মহত্যা কৰে। বিগত পাঁচ বছৰত মুঠ ২৮১ জন চি আৰ পি এফ জোৱানে আত্মহত্যা কৰিছে, ইয়াৰে প্ৰায় ২১৬ জন কৰ্তব্যত আছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia