বৰপেটাৰ পাঠিমাৰী গাঁৱত শালিধান খেতিত বিষাক্ত কীটনাশক দি নষ্ট কৰাৰ নিকৃষ্ট ঘটনা
বৰপেটাৰ পাঠিমাৰী গাঁৱত পুনৰ সংঘটিত হৈছে আন এক নিকৃষ্ট ঘটনা।
বৰপেটাৰ পাঠিমাৰী গাঁৱত শালিধান খেতিত বিষাক্ত কীটনাশক দি নষ্ট কৰাৰ নিকৃষ্ট ঘটনা


বৰপেটা, ১৪ আগষ্ট (হি.স.): বৰপেটা জিলাৰ পাঠিমাৰী গাঁৱত পুনৰ সংঘটিত হৈছে আন এক নিকৃষ্ট ঘটনা । এইবাৰ শালিধান খেতিত বিষাক্ত কীটনাশক দি নষ্ট কৰে বৃহৎ পৰিমাণৰ খেতি ।

জানিব পৰামতে, গাঁওখনৰ মিনহাজ আলী নামৰ খেতিয়কজনৰ প্ৰায় পাঁচ বিঘা মাটিৰ শালিধান খেতিত বিষাক্ত কীটনাশক দি নষ্ট কৰাত মূৰে কপালে হাত দিছে কৃষকজনে। নিশা দুৰ্বৃত্তই সংঘটিত কৰিছে এই দুস্কাৰ্য। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

উল্লেখ্য যে, চলিত সপ্তাহতে একেখন গাঁৱৰে এজন দৰিদ্ৰ ব্যক্তিৰ পুখুৰীত বিহ দি দুৰ্বৃত্তই নিধন কৰিছিল তিনি লাখ টকাৰ মাছ । দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে । এই দুয়োটা ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্য়াহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande