কামৰূপৰ নাইটৰ কল্যাণপুৰত বাল্য বিবাহৰ ঘটনা
কামৰূপৰ নাইটৰ কল্যাণপুৰত বাল্য বিবাহৰ ঘটনা ।
কামৰূপৰ নাইটৰ কল্যাণপুৰত বাল্য বিবাহৰ ঘটনা


কামৰূপ, ১৪ আগষ্ট (হি.স.): অসমত পুনৰ সংঘটিত হৈছে বাল্য় বিবাহৰ ঘটনা। কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অধীনৰ নাইটৰ কল্যাণপুৰত বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে । গাঁওখনৰ এগৰাকী নাৱালিকা কিশোৰীৰ বিবাহৰ খৱৰ লাভ কৰি কইনা ঘৰত নগৰবেৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিজনক।

ইফালে গৰৈমাৰীৰ বিলৰজান গাঁৱৰ দৰা ছফিকুল ইছলামে পলায়ণ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে দৰা পক্ষৰ শ্বহৰ আলী আৰু জাহিদুল ইছলামৰ লগতে কইনা পক্ষৰ আব্দুৰ ৰহিম নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা তিনিওজনকে কালি বিয়লি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে নগৰবেৰা আৰক্ষীয়ে। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ পাছতো এগৰাকী কিশোৰীৰ আনুষ্ঠানিকভাৱে বিয়া পতাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন উত্থাপিত হৈছে । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande