স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁৱত চূড়ান্ত পেৰেডৰ অনুশীলন
মৰিগাঁও, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণ ৰাম ফুকন খেলপথাৰত ১৫ আগষ্টৰ পেৰেডৰ অন্তিম অনুশীলন অনুষ্ঠিত হয়। মৰিগাঁও জি
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁৱত পেৰেডৰ অন্তিম অনুশীলন


স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁৱত পেৰেডৰ অন্তিম অনুশীলন


মৰিগাঁও, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণ ৰাম ফুকন খেলপথাৰত ১৫ আগষ্টৰ পেৰেডৰ অন্তিম অনুশীলন অনুষ্ঠিত হয়।

মৰিগাঁও জিলাৰ আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত অনুষ্ঠিত এই অন্তিম অনুশীলনত অসম আৰক্ষী, এনচিচি, গাঁওৰক্ষী বাহিনী, স্কাউট-গাইডৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। পেৰেডৰ বিভিন্ন দিশ পৰীক্ষা কৰি অংশগ্ৰহণকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰা হয়।

জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত পেৰেডৰ উপৰি বিভিন্ন কৃষ্টি-সংস্কৃতিৰ কাৰ্যসূচীও প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানটো সুকলমে আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande