
শিৱসাগৰ, ১৪ আগষ্ট (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি শুভ উদ্বোধন কৰা হয়। শুভ উদ্ধোধন কৰে ডিমৌ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। এই উপলক্ষে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, ডিমৌৰ পৌৰপতি পল্লবিতা গগৈ, ডিমৌৰ সমজিলা আৰক্ষী অধীক্ষক হীৰেণ কুমাৰ ডেকা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডা: ৰূপম বৰকটকীকে ধৰি ডিমৌৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকল উপস্থিত থাকে।
উল্লেখ্য যে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিচাদ' চিংফু' ৰ দায়িত্বত থকা ডিমৌ থানাই ২০২৬ বৰ্ষত দেশৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা অসমৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান বুটলি ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছিল। থানা ভৱনটো উদ্বোধনৰ লগতে স্বাধীনতা দিৱস উপলক্ষে থানা চৌহদৰ পৰা বাহিৰ কৰা হয় ত্ৰিৰংগা যাত্ৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা