বোকাখাতত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই মুকলি কৰিলে ত্ৰিৰংগা যাত্ৰা
গোলাঘাট, ১৪ আগষ্ট (হি.স.)। বোকাখাতত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই মুকলি কৰিলে ত্ৰিৰংগা যাত্ৰা ৷ কাইলৈ দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি সকলো ঠাইতেই এতিয়া পাৰ ভঙা উৎসাহ ৷ ব্যতিক্ৰম নহয় বোকাখাতো ৷
বোকাখাতত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই মুকলি কৰিলে ত্ৰিৰংগা যাত্ৰা


গোলাঘাট, ১৪ আগষ্ট (হি.স.)। বোকাখাতত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই মুকলি কৰিলে ত্ৰিৰংগা যাত্ৰা ৷ কাইলৈ দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি সকলো ঠাইতেই এতিয়া পাৰ ভঙা উৎসাহ ৷ ব্যতিক্ৰম নহয় বোকাখাতো ৷ বোকাখাত পৌৰসভা আৰু বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত বোকাখাত পৌৰসভাৰ কাৰ্যালয়ৰ পৰা ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয় ৷

স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই এই ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰাৰ লগতে ত্ৰিৰংগা যাত্ৰাত অংশ লয় ৷ এই যাত্ৰাৰ জৰিয়তে সকলোৰে মাজত স্বাধীনতাবোধ আৰু জাতীয়তাবোধ গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ লগতে সকলোকে ৮০ সংখ্যক দেশৰ স্বাধীনতা দিৱসত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande