
মানকাচৰ, ১৪ আগষ্ট (হি.স.)। মানকাচৰতো ত্ৰিৰঙ্গা যাত্ৰা। কাইলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজি মানকাচৰৰ ৰাজপথত উলিওৱা হয় ত্ৰিৰঙ্গা যাত্ৰা।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শিতল কুমাৰ, বিএছএফ ৰ ১৮৩ নং বিষয়া জোৱানৰ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,আৰক্ষীৰ জোৱান সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ জনতাক সজাগ কৰাৰ লক্ষৰে মানকাচৰৰ অশোকা অষ্টমী মেলা ময়দানৰ পৰা আৰম্ভ কৰি মানকাচৰ বজাৰ হৈ মানকাচৰ আৰক্ষী থানাত এই ত্ৰিৰঙ্গা ৰেলী সমাপ্ত হয়৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা