স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাহৰীঘাটত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী
নগাঁও, ১৪ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাহৰীঘাটত ''হৰ ঘৰ ত্ৰিৰংগা'' কাৰ্যসূচী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত লাহৰীঘাটত ''হৰ ঘৰ ত্ৰিৰংগা'' কাৰ্যসূচী। অঞ্চলটোৰ গেৰুৱা উচ্চতৰ মাধ্যম
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাহৰীঘাটত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী


স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাহৰীঘাটত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী


নগাঁও, ১৪ আগষ্ট (হি.স.)।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাহৰীঘাটত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত লাহৰীঘাটত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী।

অঞ্চলটোৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ,শিল্পগ্ৰামৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয় ' হৰ ঘৰ ত্ৰিৰংগা' অনুষ্ঠান ।

৮০ তম স্বাধীনতা দিৱস উপলক্ষে এইবেলি ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰম্ভ হৈছে ' হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী। ইয়াৰে অংশ হিচাপে মৰিগাঁও জিলা গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠানটো শুভাৰম্ভণি হয়। প্ৰচণ্ড ৰ'দ আৰু গৰমকো নেওচি সাংস্কৃতিক শোভাযাত্ৰাটোত বিদ্যালয় খনৰ সহস্ৰাধিক ছাত্র - ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে অনুষ্ঠানটোৰ উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বাবুল বৰাই। অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰ, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° মোহন কলিতা আৰু বিভাগীয় বিষয়া গংগাধৰ কলিতা। ইয়াৰ পাছতে সাংস্কৃতিক কাৰ্যসূচী হিচাপে দেশপ্ৰেম মূলক নৃত্য, তিৱা আৰু বড়ো জনগোষ্ঠীয় নৃত্য, বিহু নৃত্য আৰু কেইটিমান বাচকবণীয়া গীত পৰিবেশন কৰা হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande