
বৰপেটা, ১৪ আগষ্ট (হি.স.)। কলগাছিয়াত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে বিশাল বাইক ৰেলী। কাইলৈ অনুষ্ঠিত হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস। সেই উপলক্ষে আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় বাইক ৰেলী। ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় বাইক ৰেলী।
ৰেলিত অংশগ্ৰহণ কৰে চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা, আৰক্ষী বিষয়া হিতেশ হালৈৰ লগতে বহু সংখ্যক গন্য মান্য ব্যক্তি সকল। কাইলৈ কলগাছিয়া ৰাজহুৱা খেলপথাৰত পুৱা ৯ বজাত চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই উত্তোলন কৰিব ৰাজহুৱা পতাকা। স্বাধীনতা দিৱসৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি এম মোজাম্মেল হুছেইন আৰু সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা