
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নড্ডাক বৃহস্পতিবাৰে সন্ধিয়া হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত নিখিল ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয়। চিকিৎসকে ক’ৰ’নাৰী এঞ্জিঅ’গ্ৰাফীকে ধৰি বিতং পৰীক্ষা কৰে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ।
শুকুৰবাৰে এইমছে জাৰি কৰা এক বিবৃতি অনুসৰি স্বাস্থ্যমন্ত্ৰী নড্ডাক অস্বস্তিৰ অনুভৱ কৰাত চিকিৎসালয়লৈ অনা হয়। চিকিৎসকে ক’ৰ’নাৰী এঞ্জিঅ’গ্ৰাফীকে ধৰি বিশদ চিকিৎসা পৰীক্ষা কৰে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। এইমছৰ কাৰ্ডিঅ’লজি বিভাগত চিকিৎসাধীন হৈ আছে, য’ত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া