জাগীৰোডত স্বামীৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ
মৰিগাও, ১৪ আগষ্ট (হি.স.)। নিজ স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি হাবাথুৰি খাইছে পত্নী পল্লবী হীৰাই ৷ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আন এগৰাকী নাবালিকাৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হোৱাৰ অভিযোগ স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে
জাগীৰোডত স্বামীৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ


জাগীৰোডত স্বামীৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ


মৰিগাও, ১৪ আগষ্ট (হি.স.)। নিজ স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি হাবাথুৰি খাইছে পত্নী পল্লবী হীৰাই ৷ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আন এগৰাকী নাবালিকাৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হোৱাৰ অভিযোগ স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে ৷ মাতৃ গৃহৰ পৰাই কনমানি পুত্ৰক লৈ ন্যায়ৰ বাবে যুঁজিছে যদিও বিজেপি নেতাৰ গাড়ীচালক হোৱাৰ বাবেই স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ৷

জাগীৰোডৰ ধৰমতুলৰ লম্পট স্বামী কৌটিল্য দত্তক কঠোৰ শাস্তি প্ৰদানৰ লগতে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ভুক্তভোগী পত্নীৰ৷ ন্যায় নাপালে কনমানি কেচুৱাৰ সৈতে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে পত্নী পল্লবী হীৰাই৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande